লগে লগে হাস্পতাললৈ যাওক, যদি:
- তেজ বমি হয়, বা বমি কফিৰ গুড়িৰ দৰে ক'লা হয়
- পায়খানা আলকতৰাৰ দৰে ক'লা হয়, বা পায়খানাৰ লগত বহুত তেজ যায়
- চকু হালধীয়া হোৱাৰ লগতে জ্বৰ, কঁপনি বা পেটৰ বিষ হয়
- পেটত অসহ্য বিষ হয়, পেট টান হৈ পৰে, বা বাৰে বাৰে বমি হয়
- লিভাৰৰ ৰোগ থকা মানুহৰ কথা-বতৰা খেলিমেলি হয় বা অস্বাভাৱিকভাৱে টোপনি ধৰে
- খোৱা বস্তু ডিঙিত লাগি ধৰে আৰু নিজৰ থুও গিলিব নোৱাৰে
গুৱাহাটীত: হায়াত হাস্পতালৰ জৰুৰীকালীন বিভাগ, কাহিলিপাৰা। নহ'লে আপোনাৰ ওচৰৰ হাস্পতাল।
সোনকালে ডাক্তৰ দেখুৱাওক, যদি
- খোৱা বস্তু গিলোঁতে অসুবিধা হয় বা বুকুত লাগি ধৰে
- কাৰণ নোহোৱাকৈ ওজন কমি যায়
- তেজ কমি যায় (এনিমিয়া)
- তিনি সপ্তাহতকৈ বেছি দিন ধৰি পায়খানাৰ অভ্যাস সলনি হৈ থাকে
- ৪৫ বছৰৰ পিছত নতুনকৈ গেছ-অম্বলৰ সমস্যা আৰম্ভ হয়
- আল্ট্ৰাছাউণ্ডত ফেটি লিভাৰ বা পিত্তথলিৰ পাথৰ ধৰা পৰে
- তেজ পৰীক্ষাত হেপাটাইটিছ বি বা চি ধৰা পৰে
বহু দিন ধৰি গেছ-অম্বলৰ টেবলেট নিজে নিজে খাই নাথাকিব। এবাৰ ভালদৰে পৰীক্ষা কৰোৱাটো দৰকাৰ।
ডাঃ আগৰৱালক ক'ত দেখুৱাব
| ঠাই | সময় |
|---|---|
| এপ'ল' ক্লিনিক, উলুবাৰী, গুৱাহাটী | সোমবাৰৰ পৰা শনিবাৰ: পুৱা ৮ – ১০ বজা সোমবাৰৰ পৰা শুক্ৰবাৰ: সন্ধিয়া ৫ – ৭ বজা |
| হায়াত হাস্পতাল, কাহিলিপাৰা, গুৱাহাটী | সোমবাৰৰ পৰা শনিবাৰ: দিনৰ ১১ – ৪ বজা |
| ডিমাপুৰ | প্ৰতি মাহৰ দ্বিতীয় শুক্ৰবাৰ |
| হোজাই | প্ৰতি মাহৰ দ্বিতীয় শনিবাৰ |
| তিনিচুকীয়া আৰু ডিব্ৰুগড় | প্ৰতি মাহৰ তৃতীয় শনিবাৰ |
তাৰিখ কেতিয়াবা সলনি হ'ব পাৰে। অহাৰ আগতে WhatsApp-ত নিশ্চিত কৰি ল'ব। ডাক্তৰৰ লগত অসমীয়া, হিন্দী আৰু ইংৰাজীত কথা পাতিব পাৰিব।
খৰচ (নৱেম্বৰ ২০২৬)
- ডাক্তৰৰ পৰামৰ্শ: ₹1,000
- এণ্ড'স্কপি: ₹3,300 (এপ'ল' ক্লিনিক), ₹4,000 (হায়াত হাস্পতাল)
- কল'ন'স্কপি: ₹3,500 (এপ'ল' ক্লিনিক), ₹4,500 (হায়াত হাস্পতাল)
- ফাইব্ৰ'স্কেন (লিভাৰৰ পৰীক্ষা): ₹4,000
খৰচ হাস্পতালে নিৰ্ধাৰণ কৰে আৰু সলনি হ'ব পাৰে। সম্পূৰ্ণ তালিকা (ইংৰাজীত)
এপইণ্টমেণ্ট বুক কৰক
ফৰ্মখন ইংৰাজীত আছে, কিন্তু WhatsApp-ত আপুনি অসমীয়াতে লিখিব পাৰে। ৰিপ'ৰ্টৰ ফটোও পঠিয়াব পাৰে।
এই ৱেবছাইটৰ বাকী পৃষ্ঠাবোৰ এতিয়া ইংৰাজীত আছে: তেজ বমি আৰু ক'লা পায়খানা · জণ্ডিচ · ফেটি লিভাৰ · এণ্ড'স্কপিৰ প্ৰস্তুতি · हिंदी में पढ़ें
ডাঃ ময়ংক আগৰৱাল, MBBS, MD (Medicine), DM (Gastroenterology) · Assam Medical Council Reg. No. 19633 ·
এই পৃষ্ঠাত দিয়া তথ্য সাধাৰণ জ্ঞানৰ বাবে। ই ডাক্তৰৰ পৰামৰ্শৰ বিকল্প নহয়।